কলেজৰ বিদায় সভাৰ ভাষণ
নমস্কাৰ,পৰম শ্রদ্ধাৰ, আজিৰ এই সভাৰ সভাপতিত্বৰ আসন অলংকৃত কৰা আমাৰ সন্মানীয় অধ্যক্ষ মহোদয়। লগতে মঞ্চ শুৱনি কৰি থকা মোৰ সন্মানীয় অধ্যাপক আৰু অধ্যাপিকা সকল। আৰু আজিৰ এই বিশেষ দিনত উপস্থিত মোৰ প্ৰিয় সহপাঠী, বন্ধুবৰ্গ তথা মোৰ মৰমৰ জুনিয়ৰসকল।
পোন প্ৰথমে মই সকলোকে আন্তৰিক শুভেচ্ছা জনাইছো। আজি আমাৰ বাবে এক বিশেষ দিন। এই দিনত আমি বিদায় লৈ এক নতুন যাত্ৰাৰ আৰম্ভণি কৰিম। কিন্তু বিদায়ৰ এই মুহূর্তত মনটো দুখেৰে ভৰি পৰিছে। বিদায় মানেই এক গভীৰ অনুভৱ, য’ত আনন্দৰ লগত দুখৰ সুৰো মিশ্ৰিত থাকে।
আজি মনত পৰিছে সেয়া দিন, যিদিনা মই প্ৰথমবাৰ কলেজলৈ আহিছিলো। সিদিনা সৰু সৰু কথাৰ ভয় আছিল, কিন্তু আজি বিদায় লোৱাৰ সময়ত মনত দুখৰ ধুমুহা আহি পৰিছে। এই কলেজৰ প্ৰতিটো দিন, অধ্যাপক-অধ্যাপিকাসকলৰ পৰা লাভ কৰা শিক্ষা আৰু বন্ধু-বান্ধৱীৰ সৈতে কটাই অহা মুহূর্তসমূহ সঁচাকৈয়ে চিৰস্মৰণীয় হৈ থাকিব।
এই চেগতে মই আমাৰ অধ্যাপক আৰু অধ্যাপিকাসকললৈ জনাইছো মোৰ অন্তৰংগ ধন্যবাদ। আপোনালোকে আমাক কেৱল পাঠ্যপুথিৰ জ্ঞানহে নিদি, জীৱন জীপাল কৰাটো কেনেকৈ শিকিব লাগে সেয়াও শিকাইছে। আপোনালোকে দেখুৱাইছে সঠিক পথ, য’ত আমি আগবাঢ়ি নিজৰ লক্ষ্যত উপনীত হ’ব পাৰিম।
আপোনালোকে আমাক কেৱল আৱদ্ধ জ্ঞানৰ মাজত থকা নুশিকাই সামাজিক দায়-দায়িত্বৰ বোধ গঢ়ি তুলিবলৈ সহায় কৰিছে। এজন সুনাগৰিক হিচাপে কি কৰণীয়, কি নকৰণীয়—এই সকলোবোৰ বিষয়ত আপোনালোকে যি দিশা দেখুৱাইছে, সেইটা আজীৱন মনত ৰাখিম।
ইয়াতে মই আপোনালোকক প্রতিশ্ৰুতি দিয়াৰ চেষ্টা কৰিছো যে আমাৰ যিকোনো কামে আপোনালোকৰ মান-সন্মান বৃদ্ধি কৰিব। আমি কেতিয়াও এনেকুৱা কাম নকৰো যাৰ বাবে আপোনালোকৰ মন দুখ পাব। আমাক শিকোৱা সকলো শিক্ষাক জীৱনত সদায় ৰূপায়িত কৰিম।
অৱশেষত, মোৰ বন্ধুবৰ্গ আৰু জুনিয়ৰসকলক মোৰ অন্তৰংগ শুভকামনা। আপোনালোকে আপোনালোকৰ পথত সফলতা লাভ কৰিব।
জীৱন নদীৰ দৰে বৈ থাকে। সেয়েহে আমি আমাৰ নিজ নিজ লক্ষ্য পূৰণৰ বাবে সদায় আগবাঢ়ি যাব। জীৱনৰ যিকোনো বাধা অতিক্ৰম কৰিবলৈ দৃঢ় সংকল্পত থাকিম।
আপোনালোকে সদায় আমাক অনুপ্ৰেৰণা দিয়ে। মই ভগৱানৰ ওচৰত আপোনালোকৰ সুস্বাস্থ্য আৰু দীঘল আয়ু কামনা কৰি আজিৰ এই ভাষণ সামৰণি কৰিছো।
ধন্যবাদ।