আৰক্ষী অধীক্ষক লৈ আবেদন (FIR)

আৰক্ষী অধীক্ষক লৈ আবেদন (FIR)

FIR (First Information Report) in Assamese

এজাহাৰ (FIR) হৈছে এনে এক আইনী প্ৰক্ৰিয়া য’ত কোনো অপৰাধ সংঘটিত হ’লে সেই বিষয়ে প্ৰথমবাৰৰ বাবে পুলিচক অৱগত কৰা হয়। যদি কোনো ব্যক্তিয়ে আমাৰ লগত মাৰপিট কৰে, ভাবুকি দিয়ে বা আন কোনো অপৰাধমূলক কাৰ্য্য কৰে, তেনে ক্ষেত্ৰত পুলিচৰ ওচৰত এজাহাৰ দাখিল কৰিব লাগে।


এজাহাৰ পত্ৰ কেনেকৈ লিখিব লাগে?

১. য’ত অপৰাধ হৈছে, সেই ঠাইৰ নিকটৱৰ্তী থানাত এজাহাৰ দিব লাগে।
২. এজাহাৰ পত্ৰটো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (OC) বৰাবৰ লিখিব লাগে।
৩. লিখিত আকাৰত দিবলৈ হ’লে সাধাৰণ কাগজত লিখিব পাৰি।
৪. ঘটনাৰ সম্পূৰ্ণ বিৱৰণ, স্থান, সময়, তাৰিখ আদি স্পষ্টকৈ উল্লেখ কৰিব লাগে।


চুৰি হোৱা ম’বাইল আৰু চিমৰ বাবে এজাহাৰ পত্ৰ

প্ৰতি,
মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,
_ থানা,
তাৰিখ: _

বিষয়ঃ চুৰি হোৱা ম’বাইল ফোন আৰু চিমৰ বাবে এজাহাৰ দাখিল কৰিবলৈ অনুৰোধ।

মহোদয়,
মই, (আপোনাৰ নাম), বয়স __ বছৰ, (পিতৃৰ নাম) ৰ পুত্ৰ/কন্যা, বৰ্তমান (ঠিকনা) ত বাস কৰোঁ। মই (তাৰিখ) তাৰিখে (স্থান) ৰ পৰা (স্থান) লৈ যাত্ৰা কৰোঁতে মোৰ ম’বাইল ফোনটো হেৰুৱাইছোঁ/চুৰি হৈছে। ম’বাইল ফোনটোৰ বিৱৰণ তলত দিয়া ধৰণৰ:

  • ম’বাইলৰ কোম্পানী: __
  • মডেল: __
  • আইএমইআই নম্বৰ: __
  • চিম নম্বৰ: __

মই সকলো ঠাইতে ম’বাইলটো বিচাৰি পোৱা নাই। গতিকে, মই আপোনাক অনুৰোধ জনাইছোঁ যে মোৰ হেৰুওৱা ম’বাইল ফোনটোৰ বাবে এজাহাৰ পঞ্জীয়ন কৰি মোক এটা সত্যায়িত প্ৰতিলিপি প্ৰদান কৰিবলৈ। ইয়াৰ উপৰিও, ম’বাইলটো বিচাৰি উলিয়াবলৈ আৰু চিমটো ব্লক কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছোঁ।

ধন্যবাদান্তে,
(আপোনাৰ নাম)
(ঠিকনা)
(ফোন নম্বৰ)


আক্ৰমণ/হাৰাশাস্তি হোৱাৰ বাবে এজাহাৰ পত্ৰ

প্ৰতি,
মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,
_ থানা,
তাৰিখ: _

বিষয়ঃ আক্ৰমণ/হাৰাশাস্তি হোৱাৰ বাবে এজাহাৰ দাখিল কৰিবলৈ অনুৰোধ।

মহোদয়,
মই, (আপোনাৰ নাম), বয়স __ বছৰ, (পিতৃৰ নাম) ৰ পুত্ৰ/কন্যা, বৰ্তমান (ঠিকনা) ত বাস কৰোঁ। মই আপোনাক জনাব বিচাৰোঁ যে, (তাৰিখ) তাৰিখে, প্ৰায় (সময়) বজাত, (স্থান) ত মোক (আক্ৰমণকাৰীৰ নাম) য়ে মাৰপিট কৰিছে/ভাবুকি দিছে/হাৰাশাস্তি কৰিছে। ঘটনাৰ বিৱৰণ তলত দিয়া ধৰণৰ:

  • ঘটনাৰ স্থান: __
  • আক্ৰমণকাৰীৰ নাম: __
  • ঘটনাৰ সময়: __
  • আক্ৰমণৰ কাৰণ: __

এই ঘটনাটোৱে মোৰ শাৰীৰিক আৰু মানসিক ভাৱে ক্ষতি কৰিছে। গতিকে, মই আপোনাক অনুৰোধ জনাইছোঁ যে এই বিষয়ে এজাহাৰ পঞ্জীয়ন কৰি আক্ৰমণকাৰীক আইনী ব্যৱস্থাৰ অধীনত আনি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ।

ধন্যবাদান্তে,
(আপোনাৰ নাম)
(ঠিকনা)
(ফোন নম্বৰ)


গুৰুত্বপূৰ্ণ পৰামৰ্শ:

  • এজাহাৰ দাখিল কৰোঁতে সকলো তথ্য স্পষ্ট আৰু সঠিক হ’ব লাগে।
  • ঘটনাৰ সাক্ষী থাকিলে তেওঁলোকৰ নাম আৰু ঠিকনা উল্লেখ কৰিব লাগে।
  • প্ৰয়োজন হ’লে চিকিৎসকৰ প্ৰমাণপত্ৰ বা আন প্ৰমাণ সংলগ্ন কৰিব পাৰে।

এইদৰে এজাহাৰ পত্ৰ লিখি অপৰাধৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।


Scroll to Top