Social Group Cards
Join Our WhatsApp Group
Join Now
Join Our Telegram Group
Join Now

শিক্ষয়িত্ৰী পদৰ বাবে আবেদন | Assamese Application

শিক্ষয়িত্ৰী পদৰ বাবে আবেদন

Example No 1

প্ৰতি
মাননীয়
প্ৰধান অধ্যাপক মহোদয়
……………… হাইস্কুল


দিনাংক-___/____/________

বিষয়: শিক্ষয়িত্ৰী পদৰ বাবে আবেদন।

মাননীয়,

আপোনাৰ __/___/_____ তাৰিখৰ “দৈনিক জনমভূমি” কাকতৰ বিজ্ঞাপনৰ ভিত্তিত জানিব পাৰিলো যে আপোনাৰ বিদ্যালয়ত অসমীয়াৰ বিষয়ত অনাৰ্চ থকা কলা শাখাৰ শিক্ষয়িত্ৰীৰ প্ৰয়োজন।
মই _________ বিশ্ববিদ্যালয়ৰ পৰা বি.এ. উত্তীৰ্ণ হোৱাৰ উপৰি বি.এড সম্পন্ন কৰিছো আৰু শিক্ষাদানৰ ক্ষেত্ৰত মোৰ দুবছৰৰ অভিজ্ঞতা আছে। মই মোৰ অঞ্চলৰ এখন ব্যক্তিগত বিদ্যালয়ত অসমীয়া বিষয়ৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছো।
শিক্ষাদানৰ প্ৰতি মোৰ গভীৰ আগ্ৰহৰ বাবে মই আপোনাৰ প্ৰতিষ্ঠানৰ এই পদৰ বাবে নিজকে উপযুক্ত বুলি বিবেচনা কৰিছো। মই শিক্ষাদানৰ ক্ষেত্ৰত নতুনত্ব আৰু শিক্ষাৰ গুণগত মান বৃদ্ধি কৰিবলৈ সদা প্ৰতিজ্ঞ।

এই আবেদন পত্ৰৰ সৈতে মোৰ প্ৰয়োজনীয় যাৱতীয় প্ৰমাণপত্ৰ সংলগ্ন কৰিছো। আশা কৰোঁ যে আপোনাৰ সন্মানীয় বিদ্যালয়ত এই পদত নিযুক্তি দিয়া হ’ব।

আপোনাৰ আন্তৰিকতাৰে,
নাম:______________________
ঠিকনা: _____________________
ফোন:_____________________
ইমেইল:_____________________


শিক্ষয়িত্ৰী পদত নিযুক্তি পাবৰ বাবে আবেদন

Example No 2

প্ৰতি
মাননীয়
প্ৰধান শিক্ষক মহোদয়
___________উচ্চ ইংৰাজী বিদ্যালয়


দিনাংক-___/____/_______

বিষয়: শিক্ষয়িত্ৰী পদত নিযুক্তি পাবৰ বাবে আবেদন

মাননীয়,

সন্মান সহকাৰে মই জনাব বিচাৰো যে, আপোনাৰ বিদ্যালয়ৰ “দৈনিক জনমভূমি” কাকতৰ বিজ্ঞাপনৰ পৰা জানিব পাৰিলো যে আপোনাৰ বিদ্যালয়ত কলা শাখাৰ শিক্ষয়িত্ৰী পদৰ বাবে নিযুক্তি দিয়া হ'ব।

মই যোৱা বছৰ _________ মহাবিদ্যালয়ৰ পৰা বি.এ. আৰু বি.এড উত্তীৰ্ণ কৰিছো। শিক্ষাদানৰ ক্ষেত্ৰত অভিজ্ঞতা নাথাকিলেও, মই মই মই নিজৰ শৈক্ষিক প্ৰদৰ্শনৰ ওপৰত আত্মবিশ্বাসী। মই এজন আদৰ্শ শিক্ষয়িত্ৰী হৈ শিক্ষাৰ মান উন্নত কৰাত অতি মনোনিৱেশ কৰিম।

সেয়েহে,আপোনাৰ বিদ্যালয়ৰ এই পদৰ বাবে আবেদন আগবঢ়াইছো। এই আবেদনৰ সৈতে মোৰ ৰিজিউমি আৰু প্ৰয়োজনীয় নথিপত্ৰ সংলগ্ন কৰিছো। আশা কৰোঁ যে মোক এই পদত নিযুক্তি দিয়াৰ সুযোগ প্ৰদান কৰা হ'ব।

আপোনাৰ আন্তৰিকতাৰে,
(আপোনাৰ নাম)
ঠিকনা: ___________
ফোন: (আপোনাৰ ম’বাইল নম্বৰ)
ইমেইল: (আপোনাৰ ইমেইল)