বিজ্ঞানৰ কুইজ
- প্রশ্ন: কিমান ডিগ্রী ছেন্টিগ্রেডত সোণ গলাব পাৰি?
উত্তৰ: ১০৬৩°ছেন্টিগ্রেডত। - প্রশ্ন: ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি বাৰু?
উত্তৰ: কেলছিয়াম হাইপ’ক্লরাইড। - প্রশ্ন: ছ’ডা পানীত কি এছিড থাকে?
উত্তৰ: কার্বনিক এছিড। - প্রশ্ন: ফেনাইল প্রকৃততে এবিধ এছিড। ই কি এছিড বাৰু?
উত্তৰ: কাৰ্বক্সিলিক এছিড। - প্রশ্ন: সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি বাৰু?
উত্তৰ: ছ’ডিয়াম ক্ল’রাইড। - প্রশ্ন: বিশ্বত আটাইতকৈ গধুৰ মৌলবিধ কি?
উত্তৰ: ইউৰেনিয়াম। - প্রশ্ন: ‘ষ্টেইনলেছ ষ্টিল’ অর্থাৎ নিষ্কলংক তীখা কি ধাতুৰ দ্বাৰা তৈয়াৰ কৰা হয়?
উত্তৰ: নিকেল, লো আৰু ক্ৰ’মিয়ামৰ সংমিশ্রণত ‘ষ্টেইনলেছ ষ্টিল’ প্রস্তুত হয়। - প্রশ্ন: চক পেঞ্চিলৰ ৰাসায়নিক সংকেত কি?
উত্তৰ: কেলচিয়াম কার্বনেট। - প্রশ্ন: কাক অধাতু মৌল বুলি কোৱা হয়?
উত্তৰ: কাৰ্বনক। - প্রশ্ন: লাফিং গেছৰ কথা আমি প্রায় আটাইয়ে জানো, এইবিধ গেছৰ ৰাসায়নিক নাম কি?
উত্তৰ: নাইট্ৰাছ এছিড। - প্রশ্ন: দৈ গাখীৰত সৃষ্টি হোৱা এছিডবিধ কি?
উত্তৰ: লেক্টিক এছিড। - প্রশ্ন: আটাইতকৈ পাতল গেছবিধৰ নাম কি? ইয়াক কোনে, কেতিয়া আৱিষ্কাৰ কৰিছিল?
উত্তৰ: হাইড্রজেন গেছ। ইয়াক ইংলেণ্ডৰ বিজ্ঞানী হেনৰি কেভেণ্ডিছে ১৭৬৬ চনত আৱিষ্কাৰ কৰিছিল। - প্রশ্ন: বৰণো নাই, গোন্ধও নাই, অথচ অতি প্রয়োজনীয় গেছবিধৰ নাম কি?
উত্তৰ: অক্সিজেন গেছ। - প্রশ্ন: কেতিয়া, কোনে নাইট্রজেন গেছ আৱিষ্কাৰ কৰিছিল?
উত্তৰ: ১৭৭২ চনত ইংলেণ্ডৰ বিজ্ঞানী ডেনিয়েল ৰাদাৰফ’ৰ্ডে। - প্রশ্ন: সোণ গলাব পৰা এছিড দুবিধৰ নাম কি?
উত্তৰ: নাইট্রিক এছিড আৰু হাইড্ৰ’ক্লৰিক এছিড। - প্রশ্ন: অক্সিজেন গেছৰ আৱিষ্কাৰক কোন?
উত্তৰ: জোছেফ প্রিষ্টলি আৰু কার্ল স্কিলি। - প্রশ্ন: পৃথিৱীত এতিয়ালৈকে কিমানবিধ মৌল আৱিষ্কাৰ হৈছে?
উত্তৰ: ১০৬ বিধ। - প্রশ্ন: কেলছিয়াম আৰু পটাছিয়ামৰ আৱিষ্কাৰকদ্বয় কোন?
উত্তৰ: কেলছিয়াম আৱিষ্কাৰ কৰিছিল ছাৰ হামফ্ৰে ডেভিয়ে আৰু পটাছিয়ামৰ আৱিষ্কাৰকো তেৱেঁই। - প্রশ্ন: অক্সিজেনৰ উতলাংক কিমান?
উত্তৰ: ১৮২.৯৭৬০ ছেন্টিগ্রেড। - প্রশ্ন: পিতল কি কি ধাতুৰ সমষ্টি?
উত্তৰ: তাম আৰু দস্তা। - প্রশ্ন: ৰূপৰ উতলাংক কিমান?
উত্তৰ: ৯৬০.৫° ছেন্টিগ্রেড। - প্রশ্ন: পৰমাণুবাদ সূত্ৰৰ আৱিষ্কাৰক কোন?
উত্তৰ: জন ডেল্টন। - প্রশ্ন: ফছফৰাছ পুৰিলে ওলোৱা বগা বৰণৰ ধোঁৱাবিধৰ নাম কি বাৰু?
উত্তৰ: ফছফৰাছ পেন্ট’ক্সাইড। - প্রশ্ন: বৈজ্ঞানিক গৱেষণাগাৰ এটাত ৰঙা, সেউজীয়া আৰু হালধীয়া, এই তিনিটা ৰঙৰ কোনবিধে বিপদ সংকেত বুজায়?
উত্তৰ: হালধীয়া। - প্রশ্ন: কাঠ পেঞ্চিলৰ ক’লা পদার্থবিধ দৰাচলতে কি?
উত্তৰ: কাৰ্বন আৰু ক্লেৰে সৃষ্ট গ্রেফাইট। - প্রশ্ন: খাৰ-বাৰুদ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা ৰাসায়নিক পদার্থবোৰ কি কি বাৰু?
উত্তৰ: পটেছিয়াম নাইট্রেট, এঙাৰ আৰু ছালফাৰ। - প্রশ্ন: ব্ৰঞ্জৰ মূৰ্তিৰ কথা প্ৰায়ে শুনি থাকো। এই ব্ৰঞ্জনো কি কি ধাতুৰ মিশ্রণ ?
উত্তৰ: টিন আৰু তামৰ মিশ্রণ। - প্রশ্ন: মানুহে এবাৰত নিশাহত কিমান পৰিমাণৰ কার্বন-ডাই-অক্সাইড গেছ এৰে?
উত্তৰ: প্ৰায় ৩.৭ ভাগ। - প্রশ্ন: কিমান ডিগ্রী উত্তাপত বায়ুক জলীয় অৱস্থালৈ নিব পাৰি?
উত্তৰ: ২০০০ ডিগ্রী ছেন্টিগ্রেড উত্তাপত। - প্রশ্ন: তাম আৰু ৰূপৰ ভিতৰত কোনবিধ ধাতু গধুৰ?
উত্তৰ: ৰূপ। - প্রশ্ন: নীলা আইনা এখন গৰম কৰিলে কেনে ৰঙৰ ধোৱাৰ সৃষ্টি হ’ব পাৰে?
উত্তৰ: ৰঙা। - প্রশ্ন: তামোল-পাণৰ দোকানৰবাৰত পাণ ৰঙা কাপোৰেৰে ঢাকি ৰাখে কিয়?
উত্তৰ: পাণবোৰ সতেজ কৰি ৰাখিবলৈ। কাৰণ ৰঙা ৰঙৰ ৰাসায়নিক বিক্রিয়া অইন ৰঙতকৈ কম। - প্রশ্ন: কাক আধুনিক ৰসায়নৰ পিতৃ বুলি কোৱা হয়?
উত্তৰ: এন্টনি লেভেইচিয়েৰক। - প্রশ্ন: সচৰাচৰ বায়ুত শতকৰা কিমান ভাগ অক্সিজেন মিহলি হৈ থাকে?
উত্তৰ: শতকৰা ২১ ভাগ। - প্রশ্ন: কোনবিধ গেছক নিষ্ক্রিয় গেছ বোলা হয়?
উত্তৰ: আৰ্গন গেছক। - প্রশ্ন: চেতনানাশক ক্ল’ৰ’ফৰ্মৰ আৱিষ্কাৰক কোন?
উত্তৰ: জেমচ চিম্পচন (১৮৪৭ চনত)। - প্রশ্ন: কাঁহৰ বাচন-বর্তন আমি বহুতেই ব্যৱহাৰ কৰোঁ। কাঁহ দৰাচলতে কি কি ধাতুৰ মিশ্ৰণ ?
উত্তৰ: তাম আৰু টিনৰ মিশ্রণ। - প্রশ্ন: সাধাৰণ কটা-ছিঙাত ব্যৱহাৰ হোৱা ‘টটিংছাৰ অব আয়োডিন’ কিহৰ দ্বাৰা তৈয়াৰ কৰা হয়?
উত্তৰ: এলকহলত আয়োডিনৰ দ্ৰৱ মিহলাই। - প্রশ্ন: ব্লিচিং পাউডাৰত থকা মূল দ্রব্যবিধৰ নাম কি?
উত্তৰ: আয়োডিন। - প্রশ্ন: পানী, গাখীৰ, কেৰাচিন তেল, টার্পিন তেল, এইকেইটাৰ ভিতৰত কোনবিধত অ’জন গেছ সহজে দ্রবীভূত হয় ?
উত্তৰ: টার্পিন তেলত। - প্রশ্ন: ৰসায়ন শাস্ত্ৰ চৰ্চাৰ আদি যুগক কি নামেৰে জনা যায়?
উত্তৰ: এলকেমি নামেৰে। - প্রশ্ন: বস্তু পৰিষ্কাৰ কৰিব পৰা ক্লিনিং এজেন্টক ৰসায়ন বিজ্ঞানত কি বুলি কোৱা হয়?
উত্তৰ: ডিটাৰজেন্ট। - প্রশ্ন: ডিটাৰজেন্ট অণুৰ মূৰৰ অংশ আৰু নেজৰ অংশ দুটাৰ বিশেষ নাম দুটা কি?
উত্তৰ: ডিটাৰজেন্ট অণু এটাৰ মূৰৰ অংশৰ নাম হাইড্রোফিলিক মূৰ আৰু নেজৰ অংশৰ নাম হাইড্রোফৰিক নেজ। - প্রশ্ন: ডিটাৰজেণ্টেৰে কাপোৰ ধোৱাৰ সময়ত এবিধ বিশেষ বিদ্যুৎ শক্তিৰ সৃষ্টি হয়, যাৰ বাবে কাপোৰৰ মলি দূৰ হয়। বিদ্যুৎবিধ কি?
উত্তৰ: স্থিৰ বিদ্যুৎ। - প্রশ্ন: কিছুমান কাঁচৰ পাত্ৰত সুন্দৰ ছবি আদি অঁকা থাকে। কাঁচত এনে ছবি আকিবলৈ এবিধ বিশেষ এছিডৰ সহায় ল’ব লগীয়া হয়। এছিডধি কি ?
উত্তৰ: হাইড্রোক্ল’ৰিক এছিড। - প্রশ্ন: প্লাষ্টিকৰ মূল ভাগ দুটা কি কি?
উত্তৰ: থার্মো প্লাষ্ট্ৰিক আৰু থার্মোছেটিং প্লאַסטিক। - প্রশ্ন: কি কি ৰাসায়নিক পদার্থ সংযোগত নাইলন তৈয়াৰ কৰা হয়?
উত্তৰ: পঞ্চাশটা এডিপিক এছিড আৰু পঞ্চাশটা হেক্সামিথিলিন-ডাই-এমিনৰ সংযোগত। - প্রশ্ন: টেৰিলিন কাপোৰৰ নাম প্ৰায়েই শুনো। এই টেৰিলিন কিদৰে তৈয়াৰী?
উত্তৰ: গ্লাইকল আৰু টেৰিথ্যালিক এছিডক একোডাল মালাৰ দৰে সজাই টেৰিলিন তৈয়াৰ কৰা হয়। - প্রশ্ন: আজিকালি পলিয়েষ্টাৰ শব্দটো প্রায়েই শুনা যায়। এই পলিয়েষ্টাৰ দৰাচলতে কি?
উত্তৰ: এলক’হল আৰু এছিডৰ সংযোগ। - প্রশ্ন: স্বচ্ছ কাঁচক সেউজীয়া বৰণৰ কৰিবলৈ কি মিহলোৱা হয় ?
উত্তৰ: কপাৰ অক্সাইড।