আবেদন পত্ৰ লিখাৰ নিয়ম | How to Write Application in Assamese

আবেদন পত্ৰ লিখাৰ নিয়ম: আৱেদন পত্ৰ হৈছে আনুষ্ঠানিক যোগাযোগৰ এটা অতি গুৰুত্বপূর্ণ উপায়। ব্যক্তিগত বা ব্যৱসায়িক উদ্দেশ্যে ব্যৱহাৰ হোৱা এই চিঠিপত্ৰবোৰৰ জৰিয়তে বিশেষ অনুৰোধ, আবেদন, অথবা তথ্য আদান-প্ৰদান কৰা হয়। এইয়া ছুটিৰ বাবে, চাকৰিৰ বাবে, প্ৰমাণপত্ৰৰ বাবে, অথবা আন আনকাৰ্য্যসূচীৰ বাবে প্ৰয়োজন হ’ব পাৰে। চিঠিপত্ৰ লিখোঁতে উপযুক্ত নিয়ম-পদ্ধতি আৰু শালীন ভাষা ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। ঠিকনা, বিষয়, আবেদনকাৰীৰ নাম, আৰু স্পষ্ট আবেদন বিষয়বস্তুৰ সংযোজনেই সঠিক আৱেদন পত্ৰৰ পৰিপূৰ্ণতা আনে। সেয়া আমাৰ ব্যক্তিগত আৰু পেচাগত ক্ষেত্ৰত যোগাযোগ সহজ কৰি তোলে।

আবেদন পত্ৰ লিখাৰ নিয়ম:

  • আবেদন পত্ৰৰ আৰম্ভণি সদ্ভাৱপূৰ্ণ ভাষাৰে কৰিব।
  • পত্ৰ লিখোঁতে নিৰ্দিষ্ট উদ্দেশ্য স্পষ্ট কৰি তোলাটো প্ৰয়োজন।
  • শব্দচয়নত শালীনতা আৰু সৌজন্য বজাই ৰাখিব।
  • বিষয়বস্তু সংক্ষেপত কিন্তু সম্পূৰ্ণৰূপে লিখিব।
  • পৃষ্ঠাৰ মাৰ্জিন আৰু ফণ্ট আকাৰ সঠিকভাৱে ব্যৱহাৰ কৰিব।
  • পত্ৰৰ শেষত ধন্যবাদ আৰু সঠিক সম্বোধন যোগাব।
  • পত্ৰৰ তাৰিখ আৰু স্থান স্পষ্টভাৱে উল্লেখ কৰিব।
  • আবেদন পত্ৰৰ বানান ভুল ৰোধ কৰিবলৈ পৰীক্ষা কৰিব।

আবেদন পত্ৰ লিখাৰ নিয়ম, অসমীয়া আবেদন লিখাৰ নিয়ম, how to write application in assamese, application in assamese

Examples: আবেদন পত্ৰ লিখাৰ নিয়ম

আৰ্থিক সাহাৰ্য্য বিচাৰি বিধায়ক লৈ আবেদন:

প্রতি,

তাং_______

মাননীয় বিধায়ক মহোদয়

(বিধনসভা সমষ্টি নাম)

বিষয়ঃ আৰ্থিক সাহাৰ্য্য বিচাৰি আবেদন (আপোনাৰ আবেদন অনুসৰি)

মহাশয়,

সন্মানসহকাৰে আপোনাক জনাওঁ যে মই (আপোনাৰ নাম) আপোনাৰ সমষ্টিৰ (গাওঁ পঞ্চায়তৰ নাম), গাওঁৰ নাম এগৰাকী নিবাসী। মহোদয়ক জনাওঁ যে যোৱা ________ মাহৰ পৰা মোৰ মাঁ __________ ৰোগত ভুগি আছে। চিকিৎসকৰ পৰামৰ্শ মতে তেওঁক অস্ত্ৰোপ্ৰচাৰৰ বাবে যথেষ্ট টকাৰ দৰকাৰ। যিটো মোৰ বা আমাৰ পৰিয়ালৰ বাবে সম্ভৱ নহয়।

গতিকে মহোদয়ে দয়া কৰি আমাক এটি আৰ্থিক সাহাৰ্য্য আগবঢ়াই সহায় কৰে যেন।

ইতি
আপোনাৰ বিশ্বাসী
(আপোনাৰ নাম)


ছুটি বিচাৰি আবেদন

মাননীয়,

প্রধান শিক্ষক মহোদয়

(তোমাৰ স্কুলৰ নাম) সমিপেষু ।

তাৰিখ:__________

বিষয়: ছুটিৰ বাবে আবেদন।

মহোদয়,
বিনীত নিবেদন এই যে মই যোৱা ০১/১১/ ২০২২ তাৰিখৰ পৰা ০৪/১১/২০২২ তাৰিখলৈ বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ। কাৰণ মই জ্বৰত ভুগি আছিলোঁ।
গতিকে মহোদয়ে যেন উক্ত দিনবোৰৰ বাবে ছুটি মঞ্জুৰ কষি বাধিত কৰে। ধন্যবাদ

ইতি,

আপোনাৰ একান্ত বাধ্য ছাত্র,

নামঃ___________

শ্ৰেণী:_______

ক্রমিক নংঃ__


স্কুলত উপস্থিত থাকিব নোৱাৰাৰ বাবে আবেদন

প্ৰতি

মাননীয় প্ৰধান শিক্ষক মহোদয়।

————————বিদ্যালয়ৰ 

বিষয় :- স্কুলত উপস্থিত থাকিব নোৱাৰাৰ বাবে আৱেদন। 

তাৰিখ: __________

মহোদয়, 

            বিনীত সন্মান পূৰ্বক নিবেদন এই যে মোৰ জ্বৰ হোৱাৰ বাবে ___________তাৰিখৰ পৰা _______ তাৰিখলৈ _______দিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ।

গতিকে দয়ালু মহোদয়ে দয়া কৰি মোক উক্ত দিন কেইটাৰ জৰিমনা ৰেহাই দিয়ে যেন। এইটোৱেই মহোদয়ক জনাব লগীয়া মোৰ সৰল মিনতি।

ইতি

মহোদয়ৰ একান্ত বাধ্য ছাত্ৰ/ছাত্ৰী 

নাম: শ্ৰী/শ্ৰীমতী___________

শ্ৰেণী:___________

ৰোল নং:_______

অভিভাৱকৰ চহী:____________


শাৰীৰিক অসুস্থতাৰ বাবে ছুটি বিচাৰি আবেদন

প্ৰতি
    মাননীয় প্ৰধান শিক্ষক মহোদয়।

_______________বিদ্যালয়ৰ নাম

বিষয় : শাৰীৰিক অসুস্থতাৰ বাবে ছুটি বিচাৰি আবেদন।

মহাশয়,

সম্মান সহকাৰে মহোদয়ক জনাওঁ যে, মোৰ (বেমাৰৰ নাম) হোৱাৰ বাবে মই শ্ৰেণীত উপস্থিত থাকিবৰ বাবে অসমৰ্থ হৈছোঁ।

    গতিকে, দয়ালু মহোদয়ে দয়া কৰি দুই বা চাৰি পিয়দৰ পিছত মোৰ ছুটি মঞ্জুৰ কৰে যেন।

এইয়ে মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা।

ইতি

মহোদয়ৰ একান্ত বাধ্য ছাত্ৰ/ছাত্ৰী 

নাম: শ্ৰী/শ্ৰীমতী___________

শ্ৰেণী:___________

ৰোল নং:_______


Scroll to Top